ডিজিটেল ডেস্ক ৰিপৰ্ট , ১০ জুলাই
 : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লাহোৱাল আৰু জকাই আঞ্চলিক সমিতিয়ে আজি লাহোৱালত তাই আহোমক জনজাতি কৰণৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে ।

সংগঠনটোৰ লাহোৱাল আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দুৱৰা, যুটীয়া সম্পাদক প্ৰশান্ত গগৈ আৰু বাবুল দুৱৰা স্বাক্ষৰতিত এখন স্মাৰকপত্ৰ  ডিব্ৰুগড় জিলা উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জনজাতিকৰণৰ দাবীত প্ৰেৰণ কৰি কয় যে, যদিহে তাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে তেন্তে অনাগত দিনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অধিক জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ।