ডিজিটেল ডেস্ক ৰিপৰ্ট , ১০ জুলাই : অসমৰ একমাত্ৰ ট্ৰেড ইউনিয়নৰ পঞ্জীয়নভূক্ত মফচলীয়া সাংবাদিকৰ সংগ্ৰামী সংগঠন আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন খনি অহা ১৩ আৰু ১৪ জুলাইত দুদিনীয়াকৈ ওদালগুৰি চহৰত অনুষ্ঠিত হব ।
ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাংগনত কাৰ্যসূচীৰ অনুসৰি ১৩ জুলাই প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰিব সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি মনোজ সিঙে । শ্বহীদ তৰ্পণ অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলি অৰ্পণ কৰিব আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক  হেমন্ত শইকীয়াই ।
 ১১ বজাত ছাত্ৰ-ছাত্ৰী মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হব । বিয়লি ৪ বজাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা অভ্যৰ্থনা সমিতি সভাপতি ৰিহন দৈমাৰীয়ে প্ৰতিনিধি সভা উদ্ধোধন কৰিব ।

১৪ জুলাই সামৰণি দিনা দিনৰ দহ বজাত সাংবাদিক কৰ্মশালা অনুষ্ঠিত হব । অধিবেশনৰ অভ্যৰ্থনা সমিতি কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰে সাংবাদিক কৰ্মশালা খনি উদ্ধোধন কৰিব ।
সাংবাদিক কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়া আৰু আমাৰ অসমৰ বাত্তা সম্পাদক গৌতম শৰ্মায়ে ।
 আবেলি এক বজাত আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাখন উদ্ধোধন কৰিব বিটিচি পৰিষদৰ অধ্যক্ষ  ত্ৰিদীপ দৈমাৰীয়ে ।

অভ্যৰ্থনা সমিতি সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী  ৰিহন দৈমাৰীয়ে আদৰণি ভাষণ পাঠ কৰিব । মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । বিশিষ্ট সাংবাদিক অচ্যুত পাটোৱাৰীয়ে সভা নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব । স্মৃতি গ্ৰন্থ উন্মোচন কৰিব সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া , মাজবাট বিধান সমষ্টি বিধায়ক চৰণ বড়ো , বিটিচি কাৰ্যবাহী সদস্য ক্ৰমে  অলিন্দ্ৰ মোছাহাৰী , জগদীশ‌ সৰকাৰ , শ্যাম চুণ্ডী , ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰিপেন দৈমাৰী , ওদালগুৰি জিলা উপায়ুক্ত দিলীপ  কুমাৰ দাস , আৰক্ষী অধীক্ষক লংনিত তেৰাং ,  জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী  আৰু ওদালগুৰি তথ্য- জনসংযোগ বিষয়া ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰী । আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু  দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগা মধ্যকালিন অধিবেশনৰ কাৰ্যসূচীত সৰ্বতো প্ৰকাৰে সহযোগিতা তথা অংশ গ্ৰহণ কৰিবলৈ অভ্যৰ্থনাৰ সমিতিৰ  সভাপতি ৰিহন দৈমাৰী , সম্পাদক গুনজিৎ দাসৰ লগতে ওদালগুৰি আপকু জিলা সমিতিৰ সভাপতি বাপন শৰ্মা আৰু সম্পাদক নৱ কুমাৰ ডেকায়ে অনুৰোধ জনাইছে ।