ডিজিটেল ডেস্ক ৰিপৰ্ট : ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে ।

স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ অৰ্থে যথোপযোক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তুষাৰ ৰঞ্জন চেতিয়া অভিযোগ তুলিছে ।
 স্বাস্থ্য বিভাগক অনতিপলমে জাপানীজ এনকেফেলাইটিছ ৰোগাক্ৰান্ত অঞ্চলত প্ৰতিষেধ মূলক ব্যৱস্থা গ্ৰহণৰ জৰিয়তে জনসচেতনতা  সভা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে ।