ডিজিটেল ডেস্ক ;১৩ অক্টোবৰ:
শ্ৰীশ্ৰী লক্ষ্মী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত ডিব্রুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ মদাৰখাত মৌজাৰ ঐতিহাসিক সত্ৰ শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ বৈকুণ্ঠধামলৈ পৰিণত হৈ পৰে।
ঐতিহ্যমণ্ডিত মদাৰখাত সত্ৰ সদ্য বৈকুণ্ঠধামী নৱম জনা সত্ৰাধিকাৰ ২০ আগষ্টত মহাপ্ৰয়াণ ঘটাত আজি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সত্ৰাধিকাৰ, ভকত বৈষ্ণৱৰ উপস্থিতিত দশম জনা গুৰু হিচাপে শ্ৰীশ্ৰী বৈষ্ণবানন্দ(বিনোদ)দেৱগোস্বামীক ৰীতি নীতি পৰম্পৰাৰে সত্ৰাধিকাৰ হিচাপে অধিষ্ঠিত কৰা হয়।
অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকত বৈষ্ণৱ সকলে গায়ন-বায়ন,নাম প্ৰসংগৰে পৰিবেশতো বৈকুণ্ঠ ধামলৈ পৰিণত কৰি তোলে।
শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ বৰ নামঘৰত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিৰচিত ভক্তিমঙ্গল ঘোষা আৰু গায়ন বায়নৰ পাছতে বিভিন্ন ঠাইৰ পৰা অহা সত্ৰাধিকাৰ, গাওঁবুঢ়া, বৰবুঢ়া, ভকত,বৈষ্ণৱ,, আই সকলে নব অধিষ্ঠিত সত্ৰাধিকাৰ গৰাকীক ঘৰৰ পৰা ৰীতি নীতি পৰম্পৰাৰে গায়ন,বায়ন,আই সকলৰ নাম আৰু উৰুলিয়ে বৰ নাঘৰলৈ সভক্তিৰে আদৰি নিজ স্থান বহুৱাই।
ন গুণ ভক্তি ৰসৰ প্ৰতীক হিচাপে ন গছি বন্তি প্ৰজ্জলন কৰাৰ লগতে ন গৰাকী নিৰ্বাচিত গাঁও বুঢ়া,বৰবুঢ়াই মায়ামৰা সমাজৰ পবিত্ৰ নাম উচ্চাৰণ কৰি সত্ৰাধিকাৰ গৰাকীক নিজ স্থানত অধিষ্ঠিত কৰে।
ঐতিহাসিক ঢলপুৰৰ শ্ৰীশ্ৰী বিষ্ণু বালিকুঞ্চি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী সদানন্দ দেৱগোস্বামীয়ে নেতৃত্ব বহন কৰা সত্ৰাধিকাৰৰ ৰাজ অভিষেকৰ এই পবিত্ৰ অনুষ্ঠানত শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ ধমাচাৰ্য অৰূপানন্দ চন্দ্ৰ গোস্বামী, গড়পৰা সত্ৰ সত্ৰাধিকাৰ মহদানন্দ দেৱগোস্বামী,সোনাৰীপাৰ সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ দেৱগোস্বামী,শ্ৰীশ্ৰী মৈৰামৰা সত্ৰ,জকাই যুৱধিকাৰ মাণিক মহন্ত,ঢকুৱাখনাৰ কালজয় সত্ৰৰ যুৱধিকাৰ ৰাঘবানন্দ দেৱগোস্বামীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী সত্ৰাধিকাৰ, যুৱধিকাৰ উপস্থিত থাকে।
শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি হীৰেন দুৱৰাই উপস্থিত ভকত বৈষ্ণৱ প্ৰাণ ৰাইজক আদৰণি জনোৱা ৰাজঅভিষেকৰ কাৰ্যসূচীত উপস্থিত গণ্য মান্য ব্যক্তি সকলক আদৰ সম্ভাষণৰ আঁতধৰে সাংবাদিক যাদৱ গগৈয়ে।ইয়াৰ পাছতে সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্ট ইতিহাসবিদ,অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ডঃ সৃষ্টিধৰ দত্তই মায়ামৰা সমাজৰ সত্ৰ আৰু সত্ৰাধিকাৰৰ গুৰুত্ব আৰু অৱদানৰ বিষয়ে উল্লেখ কৰি সকলোৱে প্ৰতি সেৱা আগবঢ়াই।
সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণবানন্দ দেৱগোস্বামীয়ে ভকত বৈষ্ণৱৰ চৰণত সেৱা লোৱাৰ পাছতে উপস্থিত ভকত বৈষ্ণৱৰ সেৱা গ্ৰহণ কৰে।
এই ৰাজহুৱা সেৱা নেতৃত্ব প্ৰদান কৰে গোপীনাথ দিহিঙীয়াই।ইয়াৰ পাছতে শ্ৰীশ্ৰী দেৱানন্দ( দিব্যজ্যোতি )দেৱগোস্বামীক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ যুৱধিকাৰ হিচাপে অধিষ্ঠিত কৰে সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণবানন্দ দেৱগোস্বামীয়ে।
ঐতিহাসিক সত্ৰ খনৰ দশম জনা সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানত সত্ৰ খনৰ আই মাতৃ সকলৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভকত বৈষ্ণৱ,আই,বাপ উপস্থিত থাকি সফলভাবে সম্পন্ন কৰাৰ বাবে সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণবানন্দ দেৱগোস্বামী আৰু সত্ৰ পৰিচালনা সমিতিৰ সভাপতি হীৰেন দুৱৰা,সম্পাদক প্ৰদীপ কোঁৱৰে ধন্যবাদ আৰু কৃতজ্ঞতাৰ সেৱা জ্ঞাপন কৰিছে।