ডিজিটেল ডেস্ক ৰিপৰ্ট , ৩০ আগষ্টঃ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক নিৰ্মম ভাৱে আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত বৃহস্পতিবাৰে মাজুলী জিলা আপকু আৰু বিভিন্ন সংগঠনৰ সহযোগত গণতান্ত্ৰিক প্ৰতিবাদ অব‍্যহত ৰাখিছে।
আপকুৱে ৮ ঘন্টা সময় সীমা বান্ধি দিয়াৰ পিছত মাজুলী আৰক্ষী প্ৰসাশনৰ উদ্যোগত তিনি ঘন্টাৰ ভিতৰত আক্ৰমণ কাৰি ভৱেশ দেউৰী, যদু দেউৰী, কৃষ্ণ দেউৰী , বাবা দেউৰী, ভাস্কৰ দেউৰী, বাস্তৱ দেউৰী, ৰাহুল দেউৰীক আতক কৰি জেংৰাই মুখ আৰক্ষী থানাত সোধ পোচৰ কাৰণে আনে।
আটক কৰা দুস্কৃতি কাৰীক সোধ পোচৰ অন্তত আজি পুৱা গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত আজি মাজুলী জিলা আপকুৰ উদ্যোগত সমূহ সাংবাদিক আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কোচৰাজবংশী ছাত্ৰ সন্থা, যোৰহাট আৰু গোলাঘাটৰ সাংবাদিক আদিৰ সহযোগত গড়মূৰ সদৰৰ সন্মুখত প্ৰতিবাদী আৰু কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ স্থলীৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সাধাৰণ সম্পাদক অলিন হাজৰিকা, আক্ৰাছু সভাপতি আদিত‍্য দত্ত, আচাম টকচৰ সাংবাদিক ভাস্কৰ বৰা, প্ৰাগ নিউজৰ সাংবাদিক জ‍্যোতিষ কুমাৰ তামুলী, সাংবাদিক দিলিপ ভূঞা আদিয়ে সাংবাদিক আক্ৰমণ কাৰিক দৃষ্টান্তৰ মূলক শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে সাংবাদিকৰ সুৰক্ষা  নিশ্চিত কৰিবলৈ চৰকাৰক আহবান জনাইছে ।

আনহাতে আপকু কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙ , কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান হেমন্ত শইকীয়া , আপকু ডিব্ৰুগড় জিলা সমিতি আব্দুল ৰাজ্জাক , কাৰ্যকৰী সভাপতি ধৰণী গগৈ , সম্পাদিকা স্মৃতিৰেখা কলিতা ,   ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ সন্দিকৈ, সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি ধনটি শইকীয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰণৱ ডেকাবৰুৱাই সাংবাদিকক নিৰ্যাতনৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়।
আইনী তথা ৰাজনৈতিক মেৰপেছত যাতে দোষীয়ে উপযুক্ত শাস্তিৰ পৰা ৰেহাই পাব নোৱাৰে  তাৰ বাবে মাজুলী জিলা আপকু সভাপতি জীৱন বৰুৱা আৰু সাধাৰণ সম্পাদক জ‍্যোতিষ কুমাৰ তামুলীয়ে অসম চৰকাৰ তথা মাজুলী আৰক্ষী প্ৰসাসনক দাবী জনাই। 
ইতিমধ্যে 50/19 কেচৰ গোচৰত, আই পি চি 341/506/325  নম্বৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা বুলি সংবাদ মাধ্যমক আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷